Kiosk
যি সকলে কেনেকৈ শিকিব লাগে
তাক জানে তেওঁলোকে যথেষ্ট জানে ।-
হেনৰী ব্রুকচ আদামছ
|
আপোনাৰ আটাইতকৈ ফলদায়ক শিকণৰ পথটো হ’ল নিজকে জনাৰ মাজেদি
আপোনাৰ বাবে পদার্থ বিজ্ঞান শিকিবলৈ সহজ হ’ব পাৰে কিন্তু টেনিচ্ খেলৰ বিষয়ে শিকিবলৈ কঠিন হ’ব পাৰে , নাইবা ইয়াৰ বিপৰীতটোও হ’ব পাৰে
সকলো শিকণেই একোটা প্রক্রিয়া,যিটো কিছুমান ঢাপত সম্পূর্ণ হয়
শিকণৰ চাৰিটা ঢাপ হ’ল:
এই পৃষ্ঠাক ছপা কৰক আৰু প্রশ্ন কেইটাৰ উত্তৰ দিয়ক
তাৰ পিচত আপোনাৰ উত্তৰ সমূহৰ আৰু অন্য অধ্যয়ন নির্দেশিকা ( Study Guide) –ৰ সহায়ত নিজৰ ৰণনীতি প্রস্তুত কৰি লওক ।
অতীতৰ পৰা আৰম্ভ: |
আপুনি কেনেকৈ শিকিব বিচাৰে -- এই সম্পর্কে আপোনাৰ অভিজ্ঞতা কি?
আপুনি
কি ভাল পায়?
পঢ়িবলৈ,
সমস্যা
সমাধান কৰিবলৈ?
আপুনি সাৰাংশ প্রস্তুত কৰিব জানেনে? আপুনি কি পঢ়িছিল সেই বিষয়ে নিজকে প্রশ্ন করিছেনে , নাইবা পুনৰীক্ষণ কৰিছেনে ? বিভিন্ন উৎসৰ পৰা তথ্য আহৰণৰ সুবিধা আছেনে? আপুনি নির্জনতা ভাল পায়নে অধ্যয়ন গোট ভাল পায়? আপুনি বহু কেইটা চমু অধ্যয়ন বৈঠক ভাল পায় নে এটা দীঘল বৈঠক ভাল পায়?
আপুনাৰ
অধ্যয়ন অভ্যাসবোৰ কেনে?
সেইবোৰ
কেনেদৰে গঢ়ি তুলিছে?
আপুনি শিকা
কথাটো আনক আটাইতকৈ ভালকৈ কেনেকৈ বুজাব?
|
বর্তমানলৈ আগবাঢ়ক: |
এই বিষয়ত
মই কিমান আগ্রহী?
মোৰ কৃতকার্যতাৰ পৰিবেশটো সঠিক নে?
মই কোনবোৰ নিয়ন্ত্রণ কৰিব পাৰো?
কোনবোৰ মোৰ নিয়ন্ত্রণৰ বাহিৰত? এই বিষয়টো শিকিবলৈ মোৰ যি সিদ্ধান্ত আছে, তাক কিহে প্রভাবিত কৰিছে? মোৰ কিবা আঁচনি আছে নেকি? মোৰ আচঁনিয়ে পূর্বৰ অভিজ্ঞতা আৰু মোৰ নিজস্ব শিকণ পদ্ধতিক বিবেচনা কৰিছেনে ? |
প্রক্রিয়াটোলৈ আহক;
বিষয় বস্তু: |
নাম বা
শিৰোনাম কি?
সন্দর্ভত মই ইতিমধ্যে কি জানো?
কেনে ধৰণৰ উৎস আৰু তথ্যই মোক সহায় কৰিব?
মই যেতিয়া পঢ়ো,
তেতিয়া ‘পঢ়াখিনি
বুজি পাইছোনে’ বুলি নিজকে শোধনে?
পঢ়ি থাকোতে ৰৈ দিও আৰু সাৰাংশ প্রস্তুত কৰো নেকি?
এই সন্দর্ভত মোক সময়ৰ প্রয়োজন নেকি যাতে কিছু চিন্তা কৰি
পুনৰ বিষয়টোলৈ উভতি আহিব পাৰো?
এই কথাটো আন শিকাৰুৰ সৈতে আলোচনা কৰাটো আৱশ্যক নেকি যাতে মই
তথ্যসমূহ প্রস্তুত কৰি ল’ব
পাৰো? |
পুণৰীক্ষণ গঢ়ি তোলা: |
মই কোনখিনি সঠিককৈ কৰিলো? মই কোনখিনি বেছি ভালকৈ কৰিব পাৰিলোহেতেন? কাম কৰাৰ ক্ষেত্রত মোৰ সৱলতা আৰু দুর্বলতাখিনিৰ সৈতে মোৰ আচঁনিখন মিল খাইছে নে?
মই সঠিক চর্তসমূহ বাচি লৈছিলোনে?
মই কৃতকার্য্য হ’লো
নে? |