Kiosk
দৃশ্য ১ঃ
আপুনি ঘৰৰ পৰা আঁতৰত নিজৰ শিক্ষানুষ্ঠানৰ ওচৰত থাকিবলৈ লৈছে আৰু ইয়াৰবাবে আৱশ্যকীয় খা-খৰচ যোগাৰ কৰিবলৈ আর্থিক সকাহৰ অর্থে বিভিন্ন দিশ অনুধাৱন কৰিবলৈ বদ্ধপৰিকৰ। আপুনি গম পালে যে এটা জলপানিৰ কাৰণে সম্ভাৱতঃ আপনাৰ অর্হতা আছে আৰু ইয়াৰ বাবে নির্দ্ধাৰিত দিনটো হৈছে আপোনাৰ বিদ্যালয়ৰ প্রথম দিনটো। আপুনি আর্থিক সাহার্য্য বিচাৰি কার্য্যালয়ত যোগাযোগ কৰিলে আৰু প্রশাসকজনে ক’লে যে তেখেতে আপনালৈ প্র-পত্রখন পঠাই দিব। যাহওক, তেখেতৰ কথা আৰু বিদ্যালয়ৰ প্রথম দিনটোৰ কথাই আপোনাক উক্ত কামটোৰ পৰা আঁতৰাই আনিলে, আৰু বিদ্যালয় আৰম্ভ হোৱাত আপুনি গম পালে যে প্রয়োজনীয় প্র-পত্রখন আপনাৰ ওচৰত আহি না পালেহি। আৰু অন্তিম সময় পাৰ হৈ গ’ল। আপুনি প্রশাসকজনক লগ কৰিলে আৰু তেখেতে কলে যে আপনাৰ কাৰণে প্র-পত্রখন পঠোৱা হৈছিল, কিন্তু অন্তিম সময় পাৰ হৈ গ’ল । এতিয়া আপুনি কি কৰিব ?
আপোনাৰ শাস্তিটোৰ ( জলপানিৰ পৰা বঞ্চিত
হোৱাটো) ক্ষেত্রত প্রেক্ষাপটটো বিবেচনালৈ অনাটো কঠিন কাম, নাইবা এই
শাস্তিটো আপোনাৰ কাৰণে সম্পূর্ণ অনাকাংক্ষিত। কিন্তু এই অভিজ্ঞতাৰ পৰা কি
শিক্ষা হ’ল?
প্রথমতে কি ঘটিলে তাক বিবেচনা কৰা যাওক। এই দৃশ্যপটত
প্রভাবিত কৰা দুটা বাহ্যিক কাৰক আছেঃ প্র-পত্র লোৱা আৰু নির্দ্ধাৰিত ( জমা
দিয়াৰ ) তাৰিখ।। হয় আপুনি প্র-পত্র সংগ্রহ কৰি জমা দিবলৈ পাহৰিছে , নাইবা
সেইবোৰ ডাকত হেৰাইছে। নাইবা প্র-পত্র পঠোৱাই নহ’ল। কিন্তু এতিয়া সকলো কথাই
গুৰুত্বহীন হৈ পৰিল, কাৰণ জমা দিয়াৰ শেষ সময় পাৰ হৈ গ’ল আৰু কাৰোবাৰ ওপৰত
দোষ জাপি দিলেও পৰিস্থিতিৰ পৰিবর্তন নহয়।
যাহওক, যদিহে আপুনি প্র-পত্রখন জমা দিয়ে কামটো আপোনাৰ দিনপঞ্জীত সূচীভূক্ত কৰিলেহেতেন, তেনেহ’লে আপুনি এই সমস্যাটো এৰাই চলিব পাৰিলেহেতেন। জমা দিবলৈ যাঁওতে আপুনি লক্ষ্য কৰিলে যে আপোনাৰ প্র-পত্রখন অনা হোৱাই নাই, তেতিয়া লগে লগে কামটোত আগবাঢ়িব পাৰিলেহেতেন।
অভিজ্ঞতাৰ পৰা শিক্ষা লওকঃ অতিৰিক্ত ৰণনীতিৰ সৈতে সমস্যা সমাধানৰ কাৰণে নিজকে পুনঃউদগনি যোগাওক।
খণ্ড ২
আপুনি এটা বিষয় অধ্যয়নৰ কাৰণে অতি আগ্রহী আৰু
প্রবেশ-পর্য্যায়ৰ এটা পাঠ্যক্রমৰ বাবে আপুনি সঁচাকৈ শ্রদ্ধা কৰে এজন শিক্ষকৰ
ওচৰত নাম পঞ্জীয়ন কৰিলে। প্রথম পৰীক্ষাটো আহিল—বিষয় হ’ল ক্ষেত্র অধ্যয়নৰ বাবে
আৱশ্যকীয় শব্দ সম্ভাৰ। পৰীক্ষাত অতি ভাল কৰিম বুলি আপুনি দৃঢ় বিশ্বাসী।
পৰীক্ষাৰ আগদিনা ৰাতি আপোনাৰ বন্ধু সকলে এতা জন্মদিন উদযাপন কৰিছে আৰু আপুনিও
তাত যোগ দি দেৰীলৈকে থাকিল। পিচদিনা পৰীক্ষাত বহিল। কেইদিনমান পিচত ফলাফল
ওলালে, আপুনি পাচটো নকৰিলেই বৰং শ্রেণীৰ প্রায় শেষৰ ফালে আপোনাৰ স্থান থাকিল।
কি কৰিব এতিয়া?
আমি নিশ্চিত যে আপুনি নিজৰ বিষয়ে ভুলকৈ উচ্চা ধাৰণা পোষণ
কৰিছিল, আৰু অধ্যয়ন বা পুনঃপৰীক্ষণ কৰিবলৈ সময় উলিয়াব নোয়াৰিলে। আপুনি জন্মদিন
উদযাপন নাইবা ৰাতি দেৰীলৈকে থকাৰ ফল কি হ’ব তাক ধাৰণা কৰিব নোৱাৰিলে। এই
ক্ষেত্রত পৰীক্ষা আৰু আপোনৰ বন্ধুসকল হ’ল বাহ্যিক কাৰক যে শ্রেণীত শিক্ষাগ্রহণ
আৰু ক্ষেত্রঅধ্যয়নত আপোনাৰ সামর্থ্য আৰু উদ্যোগৰ ওপৰত কুপ্রভাব পেলালে।
টমাচ এডিচনে অসফল পৰীক্ষা-নিৰীক্ষা সমূহক কৃতকার্য্যতাৰ যাত্রাত একোটা অংশ হিচাপে ধৰি গৌৰব কৰিছিল । তেঁও এবাৰ কৈছিল যে তেও অসফল হোৱা নাছিল বৰং তেওঁ অকৃতকার্য্যতাৰ ১০,০০০ টা পথ বিচাৰি পোৱাত সফল হৈছিল।
ইয়াৰ আগতে আপুনি কেতিয়া অসফল হ’ল বা হৈছিল বুলি ভাবিছিল, নাইবা ভাবিছিল আপুনি বেলেগ ধৰণেৰে কামটো কৰি যথেষ্ট ভাল ফল পাব পাৰিলেহেতেন।
আপুনাৰ দক্ষতা, হৈ যোৱা কামৰ ফলাফল নাইবা ই অনা ধাৰণাটো সলনি কৰিবলৈ হ’লে আপুনি কোন এটা পৰিবর্তনৰ মাজেদি যাব বিচাৰিব?
আপুনি আমাৰ খালী-ঠাই-পূৰণ কৰা অনুশীলনটো
সম্পূর্ণ কৰিলে ।
যদি আপুনি আপোনাৰ উত্তৰ সমূহলৈ সন্তুষ্ট, তেনে হ’লে
আপোনাৰ সহাৰিসমূহ ছপা কৰক।