Kiosk
বিভিন্ন দিশৰ পৰা তোমাৰ সমস্যাটোক পর্যবেক্ষণ কৰা , বিচাৰ –বিবেচনা কৰা । আগতে নভবা-নিচিন্তা কৰা নতুন দৃষ্টিকোণৰ পৰাো বিচাৰ কৰি চোৱা।মূৰ ঘমাই বা খৰতকীয়াকৈ ভাবি উলিওৱা বিকল্পসমূহ কেতিয়াবা পাতল বা ওজন নাইকিয়া যেন লাগিব পাৰে কিন্তু সেইবোৰেই কেতিয়াবা সাঙ্ঘাতিক উদ্ভাৱনী প্রক্রিয়া এটাৰ বাট মুকলি কৰিব পাৰে। বিকল্প সমূহৰ যদি এখন তালিকা কৰা হয় তেতিয়া হ’লে সেইবোৰৰ সম্ভাৱনাৰ প্রতিও মুকলি মন এটা ৰাখি ভবা-চিন্তা কৰা
সম্ভাব্য বিকল্পসমূহৰ তালিকা এখন কৰাৰ পিছত নিৰপেক্ষভাবে মূল্যায়ন কৰা । তেনে কৰোতে সেইবোৰৰ আবেদন বা বিস্বাদযুক্ততাক গুৰুত্ব দিয়াৰ পৰা বিৰত থাকিবা।
সকলো ধৰণ বান্ধোন সূত্র বিবেচনা কৰা। যদি উপায়সমূহ পাব পৰা নহয়, যদি গ্রহণ কৰিব লগা সকলে গ্রহণ বা কৰিব নোৱাৰে নতুবা নতুন সমস্যাবোৰহে সৃষ্টিৰ কাৰণ হয়, তেনেহ’লে উপযুক্ত ব্যাখ্যাৰে মীমাংশালৈ আহিব পাৰি্লেও কামত নাহিব।
Analytical Hierarchy Matrix |
||||||
বিকল্পসমুহ |
শাৰী মুঠ |
স্থান |
||||
ক |
খ |
গ |
ঘ |
|||
বিকল্প ক |
০ |
০ |
০ |
০ |
৪র্থ |
|
বিকল্প খ |
১ |
০ |
১ |
২ |
২য় |
|
বিকল্প গ |
১ |
১ |
১ |
৩ |
১ম |
|
বিকল্প ঘ |
১ |
০ |
০ |
১ |
৩য় |
টমাচ চাটি’ৰ Analytical Hierarchy Matrix অনুসৰি ঘৰ আৰু শাৰী অনুযায়ী বিকল্পবোৰ তালিকাবদ্ধ কৰা । এতিয়া বিকল্প ‘ক’ৰ পৰা আৰম্ভ কৰি ঘৰ আৰু শাৰীৰ মাজেৰে গৈ প্রতিটো বিকল্পকে বাকী কেইটাৰ লগত তুলনা কৰি বিবেচনাৰ যোগ্যতা মতে মূল্যায়ন কৰা--
যেতিয়া বিবেচনাধীন বিকল্প এটা তুলনামূলকভাবে আন বিকল্পকেইটাতকৈ বেছি মূল্য থকা যেন লাগে |
তেতিয়া তাক ১ নম্বৰ দিবা। |
যেতিয়া কোনো এটা বিকল্প আন বিকল্পকেইটাতকৈ |
কম মূল্যবান যেন লাগে ০ দিবা |
এতিয়া কোনে কিমান নম্বৰ পালে যোগ কৰা। যিটোৱে বেছি নম্বৰ পায় উপযুক্ত পদ্ধতি অনুসৰি সেইটোৱেই গুৰুত্বৰ হিচাপত ১ম স্থান্ত থাকিব। ওপৰত দেখুৱা পদ্ধতিত বিকল্প ‘গ’ই প্রথম স্থান লাভ কৰি গ্রহণযোগ্যতাৰ ওজন প্রতিপন্ন কৰিলে।
উপযুক্ততা |
সম্ভৱপৰতা |
শিথিলতা |
মুঠ |
|
বিকল্প ক |
||||
বিকল্প খ |
||||
বিকল্প গ |
||||
বিকল্প ঘ |
প্রতিটো বিকল্পকে এনেকৈ চালি-জাৰি চাই প্রাধান্যৰ ভিত্তিত বিকল্প নির্ধাৰণ কৰা।