Kiosk
প্রকল্প পৰিকল্পনা / শ্রেণীকোঠাৰ প্রকল্প পৰিচালনা
ঘৰতে হওক, কাম-কাজৰ ক্ষেত্রতে হওক , খেলা-ধূলাতে হওক নতুবা গেলামালৰ দোকানতে হওক আমি প্রায় প্রতিদিনেই কিবা নহয় কিবা একোটা সমস্যাৰ মুখামুখি হ’বল’গা হয় আৰু সেই সমস্যাৰ সমাধান কল্পে সিদ্ধান্ত ল’বলগা হয়।
তেতিয়া আবেগ-অনুভূতি, ভাবনা আৰু গৱেষণামূলক চিন্তা –চর্চাৰ প্রয়োজন আহি পৰে। এনেকুৱা অৱস্থাত সমস্যা একোটাৰ সমাধান কৰি সিদ্ধান্ত অহাত তোমালোকৰ সহায় –সুবিধা হ’ব পৰাকৈ তলৰ কথাখিনি অৱতাৰনা কৰা হৈছে।
এই কার্যপ্রনালী দেখাত কোনোৱে স্পষ্টভাবে খলপা-খলপে আগবঢ়াৰ উপায় বুলি ভাবিব পাৰে যদিও আচলতে তেনে ভাবিব নেলাগে। এই খলপবোৰ সমস্যাৰ লগত মোকাবিলা কৰিবৰ বাবে বা সমস্যাটোৰ কার্যকাৰীতাৰ উপায়ৰ সামান্য গাঁথনিহে মাথোন।
সমস্যাবোৰ কেতিয়াবা ওপৰা-ওপৰি হ’ব পাৰে। তেতিয়া উপযুক্ত সমাধান উলিয়াবলৈ পূর্বতে কৰি অহা খলপবোৰৰ সমাধান সূত্রৰ বাবে কাম কৰিব লগা হ’ব পাৰে।
লক্ষ্যপথত তোমাক কিহে বাধা দিয়ে?
প্রকৃত সমস্যাটো স্পষ্ট নোহোৱাৰ বাবে তুমি হয়তো সমস্যাটো বহল পৰিসৰত দাঙি ধৰিব লগা হ’ব পাৰে। .
এনে স্থলত সমস্যাটোৰ বিবৰণ এটা প্রস্তুত কৰা আৰু তুমি ভৰসা কৰিব পৰা কোনো এজনক সেইটো পুনর্নিৰীক্ষণ কৰিবলৈ দিয়া। সেই বিষয়ে তেওঁৰ লগত কথা পতা। যদি সমস্যাটো চাকৰি সংক্রান্তীয় হয় তেতিয়াহ’লে তোমাৰ কামৰ তত্ত্বাবধায়ক, সঠিক কমিটী বা তেনে উপযুক্ত কাৰোবাৰ লগত আলোচনা কৰা।
তলৰ প্রশ্নবোৰ বিচাৰলৈ আনিবা
সমস্যা আৰু সমাধান যিকোনো এটাৰ লগত কোনো প্রকাৰে জড়িত ব্যক্তি, সমষ্টি, সংগঠন আদি অংশীদার হ’ব পাৰে। আৰম্ভ হ’ব কিন্তু তোমাৰ নিজৰ পৰাই। এই বিষয়ত সিদ্ধান্ত গ্রহণ কৰোঁতা আৰু সমস্যাৰ নিকটস্থসকলক চিনাক্ত কৰাটো অত্যন্ত জৰুৰী।
সমস্যাকেন্দ্রিক অৱস্থাৰ পৰিসীমা বা বাধ্যবাধকতাক পৰিবর্তন কৰাটো জটিল। ইয়াৰ মাজত পুঁজি সম্বন্ধীয় বা আন সম্পদৰ অভাৱ-অভিযোগৰ কথাও সোমাব। যদি সমস্যা সমাধানৰ ক্ষেত্রত বিভিন্ন বাধ্য-বাধকতা বা সীমাবদ্ধতা থাকে তেনেহ’লে সেইবোৰ আকৌ নিজেই একোটা সমস্যাৰূপে পৰিগণিত হ’ব পাৰে।
তোমাৰ কৃতকার্যতাৰ বাবে সিদ্ধান্ত গ্রহণকাৰীসকল, তাৰ লগত সহযোগী কমিটি , দল বা আন শক্তিশালী গোটৰ মতামত যথেষ্ট গুরুত্বপূর্ণ। মতামতৰ ক্ষেত্রত সত্য, পক্ষপাত বা যুক্তিহীন ধাৰনাকো বিবেচনাৰ আওতালৈ অনাটো প্রয়োজন।
সকলো ধৰণৰ তথ্য-পাতি সংগ্রহ নোহোৱালৈকে অনুভৱ বা ধাৰণাই সমস্যাটোক লাৰি-চাৰি চোৱাত সহায় কৰে, যিহেতু কিছুমান কথা বিশ্বাসৰ বাবেও গ্রহণ কৰা হয়। অৱশ্যে এনে অনুভৱ বা ধাৰণাৰ ক্ষতিকৰ দিশ এটাও আছে। গতিকে সমস্যাটোক সমাধানৰ দিশলৈ আগুৱাই নিয়াৰ ক্ষেত্রত সেইবোৰৰ উপযুক্ততা নেদেখিলে লগে লগেই বাদ দিব লাগে।